চৰকাৰী বঞ্চনাৰ প্ৰতিবাদত ধেমাজিত অংগনবাড়ী কৰ্মী আৰু সহায়িকাৰ বিক্ষোভ কাৰ্যসূচী - অংগনবাড়ী কৰ্মী আৰু সহায়িকা
চৰকাৰী বঞ্চনাৰ অৱসান বিচাৰি বৃহস্পতিবাৰে সদৌ অসম অংগনৱাড়ী কৰ্মী আৰু সহায়িকা সন্থাই ধেমাজি উপায়ুক্ত কাৰ্যালয়ৰ চৌহদত বিক্ষোভ কাৰ্যসূচী প্ৰদৰ্শন কৰে (Anganwadi workers and helper protest) ৷ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ মাননীৰ সলনি মজুৰি দিয়ক, অৱসৰকালীন পেঞ্চনৰ ব্যৱস্থা কৰক, কৰ্মীসকলৰ পদোন্নতিৰ ব্যৱস্থা আৰু এই ক্ষেত্ৰত বয়সৰ সীমা উঠাই লওক আৰু মিনি অংগনবাড়ী কেন্দ্ৰবোৰ পূৰ্ণাংগ কেন্দ্ৰলৈ ৰূপান্তৰৰ দাবীৰে সাব্যস্ত কৰে এই প্ৰতিবাদ ৷ উল্লেখ্য যে, ইয়াৰ পূৰ্বে প্ৰায় পাঁচ শতাধিক অংগনবাড়ী কৰ্মী আৰু সহায়িকাই ধেমাজি নগৰৰ লিলি হলৰ পৰা নগৰৰ মাজেৰে এক বিশাল প্ৰতিবাদী সমদল বাহিৰ কৰে ৷