বটদ্ৰৱা থান সমিতিৰ সম্পাদকৰ বিৰুদ্ধে অনিয়মৰ অভিযোগ - Press meet against secretary of batadrava than
বটদ্ৰৱা থানত চলিছে ধন আত্মসাৎ কৰাৰ অঘোষিত প্রতিযোগিতা (Allegation of Scam in Batadrava Than)। বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সম্পাদকৰ বিৰুদ্ধে ৭০ লাখ টকা বিত্তীয় কেলেংকাৰীৰ অভিযোগ উত্থাপিত হৈছে । এই অভিযোগ উত্থাপন কৰিছে থান পৰিচালনা সমিতিৰ পৰা ইতিমধ্যে বহিষ্কাৰ হোৱা পাঁচগৰাকী সদস্যই (Press meet against secretary of batadrava than)। বটদ্ৰবা লোক নিৰ্মাণ বিভাগৰ বঙলাত বটদ্ৰৱা থান পৰিচালনা সমিতিৰ পাঁচ বহিষ্কৃত সদস্যই আয়োজন কৰা এখন সংবাদমেলত (Allegation against Batadrwa Thana Committee) এই বিস্ফোৰক অভিযোগ উত্থাপন কৰে । এই সদস্য়সকলে প্ৰনামী বাকচৰ ধন আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন কৰিছে সম্পাদকগৰাকীৰ বিৰুদ্ধে । বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সম্পাদকগৰাকীৰ বিৰুদ্ধে ব্যক্তিগত ভাৱে ৩ লাখ টকা ধাৰ লৈ ঘূৰাই নিদিয়াৰো অভিযোগ উঠিছে (expelled members of Batadrwa Thana Managing Committee)। থান পৰিচালনা সমিতিৰ সাধাৰণ সম্পাদকগৰাকীয়ে চৰকাৰী ভূমি বেদখল কৰাৰো অভিযোগ উত্থাপন কৰিছে বহিষ্কৃত সদস্যকেইগৰাকীয়ে । তেওঁলোকে এইক্ষেত্ৰত চৰকাৰৰ হস্তক্ষেপৰ দাবী জনাইছে ।