অসম জাতীয় পৰিষদত যোগদান অভিনেত্ৰী জেৰিফা ৱাহিদৰ - ৰাইজৰ দল
নিৰ্বাচনৰ প্ৰাকমূৰ্হুৰ্তত ৰাজ্যত এতিয়া দল বাগৰাৰ ৰাজনীতি চলিছে ৷ ভোটাৰক আভুৱা ভৰা কথাৰে মন মোহিত কৰা ৰাজনৈতিক নেতাৰ পৰা আৰম্ভ কৰি শিল্পী জগতলৈকে সকলোৱে এতিয়া নিজৰ মুনাফাৰ বাবে সঘনাই সলনি কৰিছে দল ৷ সোমবাৰে ৰাইজৰ দলৰ পৰা আহি অসম জাতীয় পৰিষদত যোগদান কৰে অভিনেত্ৰী জেৰিফা ৱাহিদে ৷ অভিনেত্ৰী গৰাকীৰ লগতে চিকিৎসক ড0 আনিছ আহমেদ,চাৰি বাৰকৈ বিধায়ক হোৱা স্বৰ্গীয় গিয়াছউদ্দিন আহমেদৰ পুত্ৰ সম্ভীদ শৰ্মা,বিশিষ্ট ক্ৰীড়া সংগঠক অসম ফুটবল সন্থাৰ যুটীয়া সম্পাদক আবুল কালাম, সমাজ সেৱক মহিৰুল ইছলাম আৰু আমছুৰ প্ৰাক্তন কেন্দ্ৰীয় সমিতিৰ নেতা সকলে যোগদান কৰে অসম জাতীয় পৰিষদত ৷ অসম জাতীয় পৰিষদৰ মুখ্য কাৰ্যালয়ত জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈৰ উপস্থিতিত দলটোত যোগদান কৰে এইসকল লোকে ৷