বান সাহায্য লুকুৱাই ৰঙাঘৰত সোমাল এ আই ইউ ডি এফৰ নেতা
হোজাইত বান সাহায্য লুকুৱাই ৰখা এজন লোকক গ্ৰেপ্তাৰ (AIUDF President arrested for hiding flood relief)। লোকজনৰ নাম কুদ্দুছ আলী বুলি জানিব পৰা গৈছে । কুদ্দুছ আলী হৈছে হোজাইৰ যমুনামুখৰ পঞ্চায়তৰ AIUDFৰ সম্পাদক । উল্লেখ্য যে, বুধবাৰে লোকজনৰ বাসগৃহত অভিযান চলাই আৰক্ষীয়ে আজমল ফাউণ্ডেশ্বনে বানাক্ৰান্তলৈ আগবঢ়োৱা ত্ৰিপাল, কম্বল, চাউলৰ বস্তা আদি জব্দ কৰে ৷ কেৱল সেয়াই নহয় আৰক্ষীৰ অভিযানত কুদ্দুছৰ বাসগৃহৰ পৰা দুই শতাধিক জবকাৰ্ড, আধাৰ কাৰ্ড আৰু পান কাৰ্ড জব্দ কৰে । ইফালে, ঘটনা সংক্ৰান্তত 46/2022 নম্বৰৰ এক গোচৰ পঞ্জীয়ন কৰি তদন্ত আৰম্ভ কৰে আৰক্ষীয়ে ৷ ইফালে যমুনামুখ আৰক্ষীয়ে নেতাগৰাকীক শংকৰদেৱ নগৰ আদালতত হাজিৰ কৰি ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে ।