অসম চুক্তিৰ ছয় নম্বৰ দফা ৰূপায়ণ সন্দৰ্ভত মন্ত্ৰী অতুল বৰাৰ মন্তব্যক লৈ আছুৰ প্ৰতিক্ৰিয়া - Article 6 of Assam Accord
সোমবাৰে অসম বিধানসভা অধিৱেশনৰ শেষৰ দিনা অসম চুক্তিৰ ছয় নম্বৰ দফা ৰূপায়ণ সন্দৰ্ভত মন্ত্ৰী অতুল বৰাই দিয়া উত্তৰক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আছুৰ মুখ্য উপদেষ্টা ড৹ সমুজ্জল কুমাৰ ভট্টাচাৰ্য আৰু সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই (AASU reacts on comment of Atul Bora) । অসম চুক্তিৰ ছয় নং দফা সন্দৰ্ভত বিপ্লৱ কুমাৰ শৰ্মাৰ অধ্যক্ষতাত গঠিত কমিটিয়ে দিয়া প্ৰতিবেদন দিল্লীলৈ পঠিওৱাটো বাদেই, আজিলৈকে অসম চুক্তি ৰূপায়ণ বিভাগত দাখিল নোহোৱাত তীব্ৰ ক্ষোভ প্ৰকাশ কৰে ড৹ সমুজ্জল কুমাৰ ভট্টাচাৰ্য আৰু শংকৰজ্যোতি বৰুৱাই (AASU reacts on Article 6 of Assam Accord) ৷