সোণাৰিত আছুৰ বিক্ষোভ - অসমৰ বান আৰু খহনীয়াৰ সমস্যা
ৰাজ্যত পুনৰ আছুৰ গৰ্জন ৷ অসমৰ বান আৰু খহনীয়াৰ সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে লৈ ইয়াক স্থায়ীভাৱে সমাধান কৰা, অসমৰ বন্যাৰ্তৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা বিশেষ পেকেজ প্ৰদান কৰা, খহনীয়াত আক্ৰান্ত লোকক পৰ্যাপ্ত পৰিমাণৰ সাহাৰ্য প্ৰদানৰ লগতে পুনৰ সংস্থাপনৰ দাবীত বৃহস্পতিবাৰে সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানৰ মৰ্মে সদৌ চৰাইদেউ জিলা ছাত্ৰ সন্থাৰ উদ্যোগত সোণাৰিত বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰা হয় (AASU protest in Charaideo district)৷ উক্ত প্ৰতিবাদী কাৰ্যসূচীত সদৌ চৰাইদেউ জিলা ছাত্ৰ সন্থাৰ অন্তৰ্গত আঞ্চলিক ছাত্ৰ সন্থাসমূহৰ সমূহ কৰ্মীয়ে অংশগ্ৰহণ কৰে ৷