অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে আছুৰ প্ৰতিবাদ - AASU protest against price hike
ৰাজ্যত বৰ্তমানেও অব্যাহত আছে ক'ভিডৰ ভয়াৱহ ৰূপ ৷ ক'ভিড পৰিস্থিতিৰ গ্ৰাসত পৰি সম্প্ৰতি জীৱিকাৰ পথ হেৰুৱাইছে দেশ তথা ৰাজ্যৰ হাজাৰ হাজাৰ পৰিয়ালে ৷ ইয়াৰ মাজতে দেশজুৰি ভয়াৱহভাৱে বৃদ্ধি পাইছে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য ৷ যাৰ বাবে দিশহাৰা হৈছে সাধাৰণ জনতা ৷ পেট্ৰ’ল, ডিজেল, মিঠাতেল আৰু অন্যান্য নিত্য-প্ৰয়োজনীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদত সোমবাৰে বিক্ষোভ কাৰ্যসূচী গ্ৰহণ কৰে আমগুৰি আৰু নামতি আঞ্চলিক ছাত্ৰ সন্থাই ৷ প্ৰতিবাদকাৰীসকলে ৰাজ্য চৰকাৰ হায় হায়, মূল্যবৃদ্ধি ৰোধ কৰক, যোগান মন্ত্ৰী হায় হায়, বিজেপি মূৰ্দাবাদ আদি শ্ল'গানেৰে পৰিৱেশ উত্তাল কৰি তোলে ৷ লগতে শীঘ্ৰে মূল্যবৃদ্ধি ৰোধ কৰি জনসাধাৰণক সকাহ প্ৰদান কৰিবলৈ দাবী উত্থাপন কৰিছে ছাত্ৰ সংগঠনটোৱে ৷