সাগৰৰ ঢৌত উটি আহিল এটা মন্দিৰ - TEMPLE CAME TO THE SHORES OF SRIKAKULAM BY WAVES
শ্ৰীকাকুলাম জিলাৰ সন্থাবোম্বালী মণ্ডলৰ এম. সুন্নাপল্লী গাঁৱৰ সমুদ্ৰতীৰলৈ ঢৌৰ সৈতে এটা মন্দিৰ উটি অহা পৰিলক্ষিত হয় (A shrine was came with waves in Andhra) ৷ মন্দিৰটো সমুদ্ৰ তীৰৰ ওচৰ চাপি অহাৰ লগে লগে স্থানীয় লোকে ৰছীৰে বান্ধি উঠাই আনে ৷ ড্ৰামেৰে নিৰ্মিত এখন নাৱত উটি আহিছিল মন্দিৰটো (Temple came to the shores of Srikakulam by waves) ৷ সমুদ্ৰ আৰক্ষীয়ে বিষয়টো সন্দৰ্ভত জানিব পাৰি ঘটনাস্থলীত উপস্থিত হৈ ইয়াক পৰীক্ষা কৰে ৷ সেই মন্দিৰটো আমাৰ দেশৰ নে আন কোনো দেশৰ পৰা অহা এই বিষয়ে জানিব পৰা হোৱা নাই ৷ মন্দিৰটো চাবলৈ চাৰিওফালৰ গাঁওবোৰৰ মানুহে তাত ভিৰ কৰে ।