চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত ভয়ংকৰ অগ্নিকাণ্ড - চিলিণ্ডাৰ বিস্ফোৰণ
এক ভয়ংকৰ অগ্নিকাণ্ড ৷ কেমেৰাৰ সন্মুখতে চিলিণ্ডাৰ বিস্ফোৰণৰ জুইয়ে নিমিষতে ছাৰখাৰ কৰি পেলালে এটি বাসগৃহ ৷ এই ভয়ংকৰ অগ্নিকাণ্ডটো সংঘটিত হৈছে বৰপেটাৰ বাঘবৰৰ শিতুলী গাঁৱত ৷ শনিবাৰে নিশা শিতুলী গাঁৱৰ ফইজুদ্দিন মিৰ্ধা নামৰ লোকজনৰ বাসগৃহত সংঘটিত হোৱা অগ্নিকাণ্ডত পৰিয়ালটোৰ নগদ ধনৰ লগতে বহু নথি-পত্ৰসহ সকলো সা-সম্পত্তি জুইত জাহ যায় ৷ জুই নুমুৱাবলৈ বহু চেষ্টা কৰে যদিও পৰিয়ালটোৰ ৩ জনকৈ লোক কিছু পৰিমাণে অগ্নিদগ্ধ হয় ৷