ঢোল-পেঁপাৰ মাতত ৰঙাপৰাত কঁকাল ভাঙিলে নাচনীয়ে
ইফালে মহামাৰীৰ আতংক, আনফালে অসমীয়াৰ আবেগ হেঁপাহৰ ৰঙালী ৷ তাৰ মাজতে প্ৰতি গৰাকী অসমীয়াই উদযাপন কৰিলে প্ৰাণৰ আপোন বিহুটি ৷ ঢোল-পেঁপাৰ মাতত অহা ৰঙালীক উদযাপন কৰিলে অসমবাসীয়ে ৷ সমগ্ৰ ৰাজ্যৰ লগতে ৰঙাপৰাবাসী ৰাইজেও উদযাপন কৰিলে ৰঙালী বিহু ৷ ঢোল-পেঁপা-গগণাৰ মাতত বিহু গীতৰ সুৰৰে মুখৰিত হ'ল বালিপৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেল পথাৰ। বিহুৰ পাৰভঙা উচাৰ মাজতে সদৌ বালিপৰা ৰঙালী বিহু মঞ্চই অনুষ্ঠিত কৰিলে ৬৬ সংখ্যক মুকলি বিহু প্ৰতিযোগিতা ৷