মৰাণৰ শিংৰীজানত একেলগে বিয়াত বহিল ১০৩ যোৰা দৰা-কইনা - মৰাণৰ শিংৰীজানত একেলগে বিয়াত বহিল ১০৩ যোৰা দৰা কইনা
মাহমৰা সমষ্টিৰ খুমটাই গাঁও পঞ্চায়ত, খুমটাই আৰু শিংৰীজানবাসী ৰাইজৰ সহযোগত মৰাণ শিংৰীজানৰ ৰাজহুৱা প্ৰেক্ষাগৃহত বৃহস্পতিবাৰে একেলগে ১০৩ যোৰা বিবাহ সংস্কাৰ অনুষ্ঠান অনুষ্ঠিত হয়(103 pairs of grooms get married together at Moran) । এই বিবাহ সংস্কাৰ অনুষ্ঠানত সম্পূৰ্ণ ধৰ্মীয় নীতি-নিয়মেৰে বিবাহকাৰ্য সম্পূৰ্ণ হয় । খুমটাই, শিংৰীজানৰ লগতে বিভিন্ন গাঁৱৰ লোকে এই বিবাহ কাৰ্যত অংশগ্ৰহণ কৰে । ২১ বছৰৰ পৰা ৬০ বছৰ বয়সৰ লোকে এই বিবাহ সংস্কাৰ অনুষ্ঠানত ভাগ লয় । তেওঁলোকৰ একাংশই জানিবলৈ দিয়া অনুসৰি আৰ্থিক সংকটৰ বাবে বিবাহ সংস্কাৰ কৰিব পৰা নাছিল । তেওঁলোকৰ বিবাহ সংস্কাৰৰ বাবে বস্ত্ৰ আৰু আ-অলংকাৰ সমূহ বিনামূলীয়াকৈ প্ৰদান কৰা হয় । এই বিবাহ সংস্কাৰত তেওঁলোকে যাতে সমাজত সুন্দৰকৈ জীৱন নিৰ্বাহ কৰিব পাৰে তাৰ বাবেই ৰাইজে এই পদক্ষেপ লয় ।
TAGGED:
বিয়াত বহিল ১০৩ যোৰা দৰা কইনা