অসম

assam

ETV Bharat / videos

নলবাৰীৰ টিহুত দাহ কৰা হ'ল ১০০ ফুট উচ্চতাৰ ৰাৱণ - Dussehra Ravan Dahan 2022 in Assam

By

Published : Oct 5, 2022, 10:10 PM IST

বিজয়া দশমী উপলক্ষে দেশৰ বিভিন্ন প্ৰান্তত উদযাপন কৰা হ'ল দশেৰা (Dussehra Ravan Dahan 2022 in Assam)। আজি বিজয়া দশমীৰ দিনা ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে নলবাৰীৰ টিহুতো দাহন কৰা হ’ল ৰাৱণৰ মূৰ্তি ৷ দাহ কৰা হ’ল বিশাল আকাৰৰ প্ৰায় ১০০ ফুট উচ্চতাৰ ৰাৱণৰ প্ৰতীকি (100 foot tall Ravan burnt in Nalbari)। সমাজৰ পৰা অসূয়া-অশান্তি দূৰ কৰাৰ কামনাৰে প্ৰতিবছৰে এইদৰে টিহু বাৰোৱাৰী শ্ৰী শ্ৰী দুৰ্গা পূজা মহোৎসৱৰ বিজয়া দশমীত ৰাৱণ দাহন কাৰ্যসূচী অনুষ্ঠিত হয় । এইবাৰো ১১৯ সংখ্যক টিহু বাৰোৱাৰী শ্ৰী শ্ৰী দুৰ্গা পূজা মহোৎসৱৰ বুধবাৰে বিজয়া দশমীৰ সন্ধিয়া টিহু হাইস্কুল খেল পথাৰত ১০০ ফুট উচ্চতাৰ ৰাৱণৰ প্ৰতীকী দাহ কৰা হয় । ৰাৱণ দাহন কাৰ্যসূচীত হাজাৰ হাজাৰ লোকৰ সমাগম হোৱাৰ লগতে স্থানীয় বিধায়ক তথা জ্যেষ্ঠ কেবিনেট মন্ত্ৰী ৰণজিৎ কুমাৰ দাসো উপস্থিত থাকে ।

ABOUT THE AUTHOR

...view details