অসম

assam

ETV Bharat / videos

Dussehra Ravan Dahan 2022: বাক্সাৰ বৰমাত ১০০ ফুট উচ্চতাৰ ৰাৱণ দাহ - Vijayadashami Ravan Dahan 2022 in Assam

By

Published : Oct 5, 2022, 10:19 PM IST

বিজয়া দশমী উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তত উদযাপন কৰা হ'ল দশেৰা (Dussehra Ravan Dahan 2022) । আজি ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে বাক্সাতো দাহ কৰা হ’ল ৰাৱণৰ মূৰ্তি (Vijayadashami Ravan Dahan 2022 in Assam ) ৷ বৰমা মৰাপাগলা দিয়া নৈৰ পাৰত ৮৯ সংখ্যক বৰমা বৰোৱাৰী দুৰ্গা পূজাৰ লগত সংগতি ৰাখি উদযাপন কৰা হয় ৰাৱণ দাহন কাৰ্যসূচী ৷ ১০০ ফুট উচ্চতাৰ ৰাৱণৰ প্ৰতিমূৰ্ত্তিত অগ্নিসংযোগ কৰে বিটিচিৰ কৃষি বিভাগৰ ই এম ঘনস্যাম দাসে ৷ ৰাৱণ দাহন কাৰ্যসূচীত কোকৰাঝাৰ লোকসভাৰ সাংসদ নৱ কুমাৰ শৰণীয়া, বাক্সা জিলাৰ উপায়ুক্ত অতিৰিক্ত উপায়ুক্ত বন্তি তালুকদাৰ, জিলা উপ আৰক্ষী অধীক্ষক প্ৰণৱ কলিতা, আৰক্ষী অধীক্ষক সত্যৰঞ্জন শইকীয়া আৰু পূজা কমিটিৰ বিষয়ববীয়াকে ধৰি বহু গণ্য মান্য ব্যক্তি উপস্থিত থাকে ৷

ABOUT THE AUTHOR

...view details