অসম

assam

ETV Bharat / videos

Illegal Tobacco Syndicate: বিলাসীপাৰাত নয়াহাট আৰক্ষীৰ অভিযানত জব্দ ধপাত ভৰ্তি ট্ৰাক

By

Published : Feb 22, 2022, 12:59 PM IST

Updated : Feb 3, 2023, 8:17 PM IST

প্ৰসংগ ছিণ্ডিকেটৰাজ ৷ মুখ্যমন্ত্ৰীক কেন্দ্ৰ কৰি এইবাৰ প্ৰশ্ন উত্থাপন কৰিলে সচেতন জনতাই ৷ যি সময়ত ৰাজ্যত ছিণ্ডিকেটৰাজ বন্ধ হোৱাৰ কৃতিত্ব দাবী কৰিব খুজে চৰকাৰ তথা প্ৰশাসনে, তেনে সময়তে এক বিপৰীত ছবি দেখিবলৈ পোৱা গ'ল বিলাসীপাৰাৰ নয়াহাটত(Illegal Tobacco Syndicate at Bilasipara) ৷ চুবুৰীয়া ৰাজ্য পশ্চিম বংগৰ পৰা গুৱাহাটী অভিমুখে গৈ থকা অৱস্থাত বিলাসীপাৰাত নয়াহাট আৰক্ষীয়ে জব্দ কৰে চাৰিখনকৈ ধপাত ভৰ্তি ট্ৰাক (Tobacco laden truck seized) ৷ অৱশ্যে ঘটনাস্থলীৰ পৰা পলায়ন কৰে জব্দ কৰা ট্ৰাককেইখনৰ চালক ৷ জব্দকৃত ট্ৰাক কেইখনৰ নম্বৰ ক্ৰমে AS17C-3233, AS17C-0991, AS17B-2396 আৰু AS17C-2024 ৷ উল্লেখ্য যে, ইয়াৰ পূৰ্বেও নয়াহাট আৰক্ষীয়ে ভুৱা চালান আৰু আনৰ GST চুৰি কৰি ধপাত সৰবৰাহ কৰাৰ সময়তে বাহনসহ ধপাত মাফিয়াক কৰায়ত্ত কৰিছিল আৰক্ষীয়ে । কিন্তু অভিযোগ অনুসৰি, টকাৰ বিনিময়ত আৰক্ষীয়ে নিশাৰ ভাগত এৰি দিয়ে আটকাধীন ধপাত মাফিয়াক ।
Last Updated : Feb 3, 2023, 8:17 PM IST

ABOUT THE AUTHOR

...view details