তিতাবৰৰ ধলিৰ জনাঞ্চলত বাঘৰ মুক্ত বিচৰণ - তিতাবৰত বাঘৰ মুক্ত বিচৰণ
তিতাবৰৰ ধলিৰ জনাঞ্চলত বাঘৰ আতংক (Tiger spotted in Titabor) ৷ বাঘৰ মুক্ত বিচৰণৰ ফলত সমগ্ৰ অঞ্চলতে বিৰাজ কৰিছে আতংকই ৷ ইতিমধ্যে বাঘটোৰ আক্ৰমণৰ বলি হৈছে এগৰাকী মহিলা ৷ আহত মহিলাগৰাকী ফাতেমা বেগম বুলি জানিব পৰা গৈছে ৷ ঘটনা অনুসৰি, দুদিন পূৰ্বে এগৰাকী ষাঠি উৰ্ধৰ ফাতেমা বেগমে চাহ বাগিচাত খৰি কাটিবলৈ যাওঁতে অকস্মাতে বাঘৰ আক্ৰমণৰ বলি হৈ কোনোমতে প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম হয় । অৱশ্যে বাঘৰ আক্ৰমণত মহিলাগৰাকীৰ হাত আৰু পিঠিত গুৰুতৰভাৱে জখম হয় (A woman injured in Tiger attack) । ইফালে, অঞ্চলটোত বাঘৰ মুক্ত বিচৰণৰ তথ্য লাভ কৰাৰ পাছতো অদ্যপি কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই তিতাবৰৰ বন বিভাগে ।
Last Updated : Feb 3, 2023, 8:18 PM IST