অসম

assam

ETV Bharat / videos

মুকালমুৱাৰ বিদ্যালয়ত চোৰৰ অভিযান - মুকালমুৱাৰ বিদ্যালয়ত চোৰৰ অভিযান

By

Published : Apr 1, 2022, 6:02 PM IST

Updated : Feb 3, 2023, 8:21 PM IST

নলবাৰী জিলাত চোৰৰ উপদ্ৰৱ বৃদ্ধি পাইছে (Thief terror in Nalbari district)। প্ৰায় প্ৰতিদিনে জিলাখনত সংঘটিত হৈছে চুৰিকাণ্ড । আনকি বিদ্যালয়খনো এৰি দিয়া নাই চোৰে । এইবাৰ মুকালমুৱাৰ এখন বিদ্যালয়ত চোৰৰ অভিযান চলিল । জি.বি.এল উচ্চতৰ মাধ্যমিক বিদ্যালয়ত চোৰৰ লুটপাত (Theft at JBL High school in Mukalmua) ৷ বিদ্যালয়খনৰ শ্ৰেণীকোঠাৰ পৰা চোৰে লৈ গ'ল ৬ খনকৈ ফেন (Fan stolen from school in Mukalmua) ৷ তিনিটাকৈ শ্ৰেণীকোঠাৰ পিছফালৰ খিড়িকী ভাঙি নিশা চোৰে প্ৰৱেশ কৰে । জানিব পৰা মতে ইয়াৰ পূৰ্বেও বিদ্যালয়খনত কেইবাবাৰো চোৰে চলাইছিল অভিযান ৷ চোৰৰ ধাৰাবাহিক অভিযানত অতিষ্ঠ হৈ পৰিছে বিদ্যালয় কৰ্তৃপক্ষ ৷ চোৰক কৰায়ত্ত কৰি প্ৰশাসনক উচিত ব্যৱস্থা ল'বলৈ আহ্বান জনাইছে বিদ্যালয় কৰ্তৃপক্ষই ৷
Last Updated : Feb 3, 2023, 8:21 PM IST

ABOUT THE AUTHOR

...view details