তেজপুৰ বিশ্ববিদ্যালয়ৰ নিৰাপত্তাৰ বুজ ল’লে মুখ্য সচিব আৰু আৰক্ষী সঞ্চালক প্ৰধান - তেজপুৰ বিশ্ববিদ্যালয়ৰ সুৰক্ষা ব্যৱস্থা
তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত বুধবাৰে পুৱা উপস্থিত হয় ৰাজ্যৰ মুখ্য সচিব জিষ্ণু বৰুৱা(Assam Chief Secretary Jishnu Barua) আৰু আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্ত(Director General of Police Bhaskar Jyoti Mahanta) । ৰাজ্যৰ প্ৰশাসনিক ক্ষেত্ৰৰ শীৰ্ষৰ মুৰব্বী দুগৰাকী হেলিকপ্টাৰযোগে উপস্থিত হয় তেজপুৰত । ইয়াৰ পাছতেই তেওঁলোকে তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ নিৰাপত্তা ব্যৱস্থাৰ বুজ লয় ৷ উল্লেখ্য যে, ২৬ ফেব্ৰুৱাৰীত তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ ১৯ তম সমাৱৰ্তন অনুষ্ঠানত অংশগ্ৰহণ কৰিব ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে(19th Convocation of Tezpur University) । ৰাষ্ট্ৰপতিৰ আগমণক লৈ বিশ্ববিদ্যালয়খনত গঢ়ি তোলা হৈছে কেইবা তৰপীয়া নিৰাপত্তা বেষ্টনী ৷ ভাৰতীয় সেনাৰ চতুৰ্থ কৰ আৰু বায়ুসেনাৰ তৰফৰ পৰাও এক সুকীয়া নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰিব বুলি জনা গৈছে ।
Last Updated : Feb 3, 2023, 8:17 PM IST