অসম

assam

ETV Bharat / videos

গোলাঘাটত সন্দেহজনক হত্যাকাণ্ড - Suspicious murder at Golaghat

By

Published : Feb 22, 2022, 6:36 PM IST

Updated : Feb 3, 2023, 8:17 PM IST

গোলাঘাটৰ মেৰাপানীৰ মক্ৰং বৰচাপৰি গাঁৱত সংঘটিত হৈছে এক সন্দেহজনক হত্যাকাণ্ড (Suspicious murder at Golaghat) ৷ ঘটনা অনুসৰি, সোমবাৰে সন্ধিয়াৰে পৰা সন্ধানহীন হৈ থকা গাঁওখনৰ বাসিন্দা ৰাতুল বৰাৰ মৃতদেহ মঙলবাৰে দুপৰীয়া চিপজৰী লোৱা অৱস্থাত স্থানীয় লোকে প্ৰত্যক্ষ কৰে ৷ বোকাৰে লুটুৰি পুটুৰি হৈ থকা অমায়িক স্বভাৱৰ দুই সন্তানৰ পিতৃ ৰাতুল বৰাৰ মৃতদেহটোৰ আশে পাশে তেজৰ চেকুৰা প্ৰতক্ষ্য কৰি মৃতকৰ পৰিয়ালবৰ্গৰ লগতে স্থানীয় লোকে এয়া এক পৰিকল্পিত হত্যাকাণ্ড বুলি দাবী কৰে ৷ ইতিমধ্যে মেৰাপানী আৰক্ষীয়ে মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰি ঘটনাৰ তদন্ত আৰম্ভ কৰিছে (Dead body recovered at Golaghat) ।
Last Updated : Feb 3, 2023, 8:17 PM IST

ABOUT THE AUTHOR

...view details