অসম

assam

By

Published : Mar 8, 2022, 10:38 PM IST

Updated : Feb 3, 2023, 8:19 PM IST

ETV Bharat / videos

পকী দলং নিৰ্মাণৰ দাবীত বঙাইগাঁৱত ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদ

বঙাইগাওঁ জিলাৰ মাণিকপুৰ ৰাজহ চক্ৰৰ অন্তগৰ্ত পাতিলাদহা আৰু চিৰাং জিলা সংযোগী মানাহ নদীৰ ওপৰত থকা এখন জৰাজীৰ্ণ কাঠৰ দলং(Protest for RCC Bridge) ৷ দীৰ্ঘদিন ধৰি এই জৰাজীৰ্ণ দলঙখনেৰে নিতৌ ৫০-৬০ খন গাঁৱৰ ছাত্ৰ ছাত্ৰী, যান বাহন আৰু স্থানীয় ৰাইজে অহা যোৱা কৰি আহিছে(Students protest in Bongaigaon for RCC bridge) ৷ লগতে বহিঃৰাজ্যৰ লগত যোগাযোগৰ একমাত্ৰ পথ হৈছে এই দলংখন ৷ সেয়ে উক্ত স্থানত জৰাজীৰ্ণ দলঙৰ ঠাইত পকী দলং নিৰ্মাণৰ দাবীত ছাত্ৰ ছাত্ৰী তথা স্থানীয় ৰাইজে উন্নয়নৰ নামত প্ৰতাৰণা কৰা নচলিব, এই দলং পকীকৰন কৰিব লাগিবই, আমাৰ দাবী নায্য দাবী, উন্নয়নৰ নামত ভেকোঁভাওনা বন্ধ কৰক আৰু বিজেপি চৰকাৰ হায় হায় আদি বিভিন্ন শ্লোগানেৰে প্ৰতিবাদ সাব্যস্ত কৰে ৷
Last Updated : Feb 3, 2023, 8:19 PM IST

ABOUT THE AUTHOR

...view details