অসম

assam

ETV Bharat / videos

ভূমি বিবাদক কেন্দ্ৰ কৰি ধুবুৰীত যুৱকক ঘপিয়াই হত্যা - Youth stabbed to death with sharp weapon in Dhubri

By

Published : Sep 23, 2021, 10:14 PM IST

বৃহস্পতিবাৰে ধুবুৰী জিলাৰ বন্দিহানা আৰক্ষী চকীৰ অন্তৰ্গত বয়জেৰ আলগাত অঞ্চলত ভূমি বিবাদক কেন্দ্ৰ কৰি সৃষ্টি হয় এক ভয়ংকৰ পৰিস্থিতি ৷ প্ৰাপ্ত তথ্য মতে, এডোখৰ ভূমিত হাল বাঁওতে সীমা ভাঙি যোৱাকলৈ দুই ফৈদৰ মাজত সৃষ্টি হয় প্ৰচণ্ড কাজিয়া ৷ তাৰ পিছতেই খেতি পথাৰৰ মাজতেই আব্দুল আজিদ নামৰ লোকজনে তেওঁৰ পুত্ৰ, জোঁৱাই সহ প্ৰায় সাত জনীয়া এটা দলক লৈ চোকা অস্ত্ৰৰে ঘপিয়াই হত্যা কৰে গাঁওখনৰ বাসিন্দা আয়নাল হকৰ পুত্ৰ আজগৰ আলী নামৰ 25 বছৰীয়া যুৱকজনক ৷ পিছত স্থানীয় সহস্ৰাধিক উত্তেজিত ৰাইজে অপৰাধীক কৰায়ত্ত কৰি ফাঁচিৰ দাবীৰে প্ৰতিবাদ সাব্যাস্ত কৰে ৷ পৰৱৰ্তী সময়ত ঘটনাৰ খবৰ পাই বন্দিহানা আৰক্ষীৰ এটা দলে ঘটনাস্থলীত উপস্থিত হৈ আব্দুল আজিদক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷ এই হত্যাকাণ্ডৰ অভিযুক্ত সকলক গ্ৰেপ্তাৰ কৰি উপযুক্ত শাস্তি প্ৰদান কৰিবলৈ দাবী উত্থাপন কৰে স্থানীয় ৰাইজে ৷

ABOUT THE AUTHOR

...view details