অসম

assam

পুনৰ মাইক্ৰফাইনেঞ্চৰ নামত প্ৰতিবাদ ৰাজ্যত

By

Published : Sep 11, 2021, 8:52 PM IST

Published : Sep 11, 2021, 8:52 PM IST

Updated : Sep 11, 2021, 8:58 PM IST

শনিবাৰে মাইক্ৰফাইনেন্সৰ প্ৰসংগত শতাধিক মহিলাৰ পুনৰ প্ৰতিবাদ লখিমপুৰত । এম অ ইউ স্বাক্ষৰৰ পাছতো মহিলা সকলক লোক আদালতত হাজিৰ হোৱাৰ নিৰ্দেশ দিছিল মাইক্ৰফাইনেন্স কোম্পানীয়ে , যাৰ বাবে মহিলা সকলে পুনৰ প্ৰতিবাদ কৰিবলৈ বাধ্য হয় । উল্লেখযোগ্য যে, মাইক্ৰফাইনেন্সৰ প্ৰসংগত ৰাজ্যত দীর্ঘদিন ধৰি চলা প্ৰতিবাদৰ অন্তত চৰকাৰৰে মাইক্ৰফাইনেন্স কোম্পানীৰ এম অ ইউ স্বাক্ষৰ হোৱাৰ পাছত অন্ত পৰিছিল প্ৰতিবাদ, আন্দোলনৰ । শান্তি ৰে উশাহ লৈছিল লোণ লোৱা মহিলা সকলে। আশা কৰা হৈছিল এই অধ্যায়ৰ ইমানতে পৰিসমাপ্তি ঘটিল। পিছে শনিবাৰে লখিমপুৰৰ আদালত ভৱনৰ সন্মুখ ত পুনৰ প্ৰতিবাদ ত লিপ্ত হল জাগৃতি নাৰী শক্তি সমিতিৰ উদ্যোগত একাংশ মহিলা। কিয়নো এম অ ইউত চৰকাৰৰ সৈতে দ্বিতীয় স্থানতে স্বাক্ষৰ কৰা নৰ্থ ইষ্ট স্মল ফাইনান্স কোম্পানীয়ে ঋণগ্ৰস্ত এই সকল মহিলাক শনিবাৰে লোক আদালতত হাজিৰ হৈ অনাদায় টকা দিয়াৰ নিৰ্দেশ দিছিল । এম অ ইউ ত স্বাক্ষৰ কৰি এটা নিৰ্দিষ্ট প্ৰক্ৰিয়া লৈ বিষয়টো যোৱাৰ পাছত কোম্পানীটোৱে কিয় ধন বিচাৰি মহিলা সকলক লোক আদালতলৈ মাতি হাৰাশাস্তি কৰিছে বুলি ক্ষোভ প্ৰকাশ কৰি প্ৰতিবাদ সাব্যস্ত কৰে মহিলা সকলে । তেওঁলোকে কোম্পানীটোৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰক দাবী জনায় ।
Last Updated : Sep 11, 2021, 8:58 PM IST

ABOUT THE AUTHOR

...view details