অসম

assam

By

Published : Mar 9, 2021, 7:12 AM IST

ETV Bharat / videos

কিয় ৰাজহুৱা জীৱন ত্যাগ কৰিব বিচাৰিছে পদ্ম হাজৰিকাই ?

শোণিতপুৰৰ চতিয়া বিধানসভা সমষ্টিৰ বিজেপি দলৰ মনোনীত প্ৰাৰ্থী পদ্ম হাজৰিকাই ষষ্ঠবাৰৰ বাবে তেজপুৰত মনোনয়ন পত্ৰ দাখিল কৰি চাৰিদুৱাৰত উপস্থিত হৈ সংবাদ মাধ্যমৰ আগত কয়, ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইহে সোমবাৰে শোণিতপুৰ জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ত মনোনয়ন পত্ৰ দাখিল কৰিলো । ২৭ মাৰ্চত অনুষ্ঠিত হ'বলগীয়া নিৰ্বাচনত চতিয়া সমষ্টিত ৰাজনৈতিক মূল যুঁজ হ'ব কংগ্ৰেছৰ মাজতেই ৷ কাৰণ চতিয়া সমষ্টিত কংগ্ৰেছক পৰাভূত কৰাটোৱে বিজেপিৰ মূল লক্ষ্য ৷ ইফালে কংগ্ৰেছ প্ৰাৰ্থী প্ৰাণেশ্বৰ বসুমতাৰীয়ে কন্যকা চোছাইটিত ব্যাপক অনিয়ম হোৱা বুলি অভিযোগ উত্থাপন কৰাক লৈ মন্তব্য কৰে পদ্ম হাজৰিকাই ৷ হাজৰিকাই কয় যে, কন্যকাত প্ৰকৃততে কি হৈছে সেয়া চোচাইটিৰ সদস্যসকলে চোৱা-চিতা কৰিব। কন্যকাখন চাবলৈ প্ৰাণেশ্বৰ বসুমতাৰী সদস্য নহয়। প্ৰাণেশ্বৰে চোচাইটিখনত কি অনিয়মৰ তথ্য লাভ কৰিছে সেয়া ৰাজহুৱা কৰক। সঁচাকৈয়ে যদি দুৰ্নীতিৰ তথ্য প্ৰমাণ কৰিব পাৰে তেনেহ'লে মই ৰাজহুৱা জীৱন ত্যাগ কৰিম ৷

ABOUT THE AUTHOR

...view details