অসম

assam

ETV Bharat / videos

বকোত বন্যহস্তীৰ ত্ৰাস - বন্যহস্তী

By

Published : Aug 4, 2021, 1:51 PM IST

বকোৰ চুকুনিয়াপাৰাত বন্যহস্তীৰ ত্ৰাস ৷ মঙলবাৰে নিশা খাদ্যৰ সন্ধানত বনাঞ্চল এৰি জনাঞ্চলত প্ৰৱেশ বনৰীয়া হাতীৰ । প্ৰায় ১৫টা বন্যহস্তীৰ এটা জাকে চুকুনিয়াপাৰা গাঁৱত প্ৰৱেশ কৰাত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় ৷ অৱশ্যে গাৱঁৰ ৰাইজৰ তৎপৰতাত কোনো ধৰণৰ ক্ষয়-ক্ষতি কৰিব নোৱাৰিলে বনৰীয়া হাতীৰ জাকটোৱে । আনহাতে, হাতীৰ জাকটো খেদিবলৈ গাঁৱৰ ৰাইজে সমীপৰে বাৰংবাৰ বন বিভাগক খবৰ দিয়ে ৷ খবৰ দিয়াৰ পাচতো বন বিভাগৰ কোনো বিষয়া কৰ্মচাৰী উপস্থিত নোহোৱা বুলি অভিযোগ কৰে ৰাইজে । বন বিভাগৰ এনে অমনোযোগিতাৰ বাবে ক্ষুব্ধ হৈ পৰে স্থানীয় ৰাইজ । ৰাইজৰ অভিযোগ, বনবিভাগৰ অমনোযোগিতাৰ বাবেই তেওঁলোকে গোটেই নিশা উজাগৰে পাৰ কৰিবলগীয়া হৈছে ৷ সমান্তৰালকৈ ৰাজ্যৰ নগাঁও, গোলাঘাট, মৰিগাঁৱকে আদি কৰি বিভিন্ন জিলাতো বনৰীয়া হাতীয়ে ত্ৰাসৰ সৃষ্টি কৰিছে ৷ বহুলোকৰ ঘৰ-দুৱাৰ ভঙাৰ উপৰিও বন্যহস্তীৰ জাকে ভঁৰালৰ ধানকে আদি কৰি বিভিন্ন খাদ্য সামগ্ৰী খাই বিস্তৰ ক্ষতিসাধন কৰিছে বুলি ৰাইজে জানিবলৈ দিছে ৷

ABOUT THE AUTHOR

...view details