অসম

assam

মিছামাৰীত বন্যহস্তীৰ উপদ্ৰৱত লণ্ড-ভণ্ড ধানৰ মিল

By

Published : Jun 23, 2021, 9:30 PM IST

শোণিতপুৰ জিলাৰ জীয়া গাভৰু গাঁৱত অব্যাহত আছে বন্যহস্তীৰ উপদ্ৰৱ । মিছামাৰীৰ গাভৰু খণ্ড বন কাৰ্যালয়ৰ সন্মুখতে থকা এটা ধানৰ মিল বনৰীয়া হাতীয়ে ভাঙি লণ্ড-ভণ্ড কৰে । নিশা প্ৰায় ১২ মান বজাত সোণাই-ৰূপাই বন্যপ্ৰাণী অভয়াৰণ্যৰ পৰা ওলাই অহা চাৰিটা বনহস্তীয়ে জীয়া গাভৰু গাঁৱত থকা জয়শ্ৰী ডেকা নামৰ যুৱতীগৰাকীৰ ধানৰ মিলটোৰ লগতে যন্ত্ৰপাতি ভাঙি পেলায় । পিতৃৰ বিয়োগৰ পিছত ধানৰ মিলৰ জৰিয়তে সংস্থাপনৰ পথ বাচি লোৱা যুৱতী গৰাকীৰ ধান মিলটো এইদৰে বনৰীয়া হাতীয়ে ভাঙি পেলোৱাত যুৱতীগৰাকীৰ মূৰত সৰগ ভাঙি পৰিছে ৷ ১০০ মিটাৰ দুৰত্বত থকা বন বিভাগক মাতি থকাৰ পিছত আহিবলৈ সময় লাগিল আধা ঘণ্টা । তিনি বছৰ ধৰি ধানৰ মিলটো চলাই বিধৱা মাতৃৰ সৈতে জীৱন নিৰ্বাহ কৰি আহিছিল জয়শ্ৰী ডেকাই ।

ABOUT THE AUTHOR

...view details