অসম

assam

ETV Bharat / videos

পুৱাতেই জনাঞ্চলত গজৰাজৰ মুক্ত বিচৰণ

By

Published : Jul 9, 2021, 8:03 PM IST

সত্ৰদ্বীপ মাজুলীত শুকুৰবাৰে পুৱাই এটা বনৰীয়া হাতীৰ মুক্ত বিচৰণ ৷ নিশা কামজান এলেঙীত প্ৰৱেশ কৰিছিল হাতীটোৱে । শুকুৰবাৰে পুৱা হাতীটোৱে মোহন কলিতা নামৰ লোকজনৰ নাওখন ভাঙি গুচি যায় বুলি স্থানীয় লোকে সদৰি কৰিছে । ইয়াৰ পূৰ্বেই নদী দ্বীপটোত প্ৰায় দুই শতাধিক বন হস্তীয়ে বিচৰণ কৰি আছে বুলি জানিব পৰা গৈছে ৷ ফলত বিনিদ্ৰ ৰজনী কটাবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে ৰাইজৰ । এফালে মহাবাহু ব্ৰহ্মপুত্ৰৰ বান-খহনীয়াৰ তাণ্ডৱ আনফালে বন্যহস্তীৰ ত্ৰাসৰ ফলত অবৰ্ণনীয় পৰিবেশৰ মাজত দিন কৰিবলগীয়া হৈছে কামজান এলেঙীবাসীয়ে । ইফালে দীৰ্ঘ দিন ধৰি বন্যহস্তীৰ বিৰুদ্ধে বন বিভাগে কোনো পদক্ষেপ নোলোৱাত বন বিভাগৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰে ৰাইজে । মাজুলীত দীৰ্ঘ দিনে বৃহৎ বন্যহস্তীৰ জাকে উজনি মাজুলীৰ লাচন, বনৰীয়া, গেজিং, কুমলীয়া, আদি চাপৰিত উপদ্ৰৱ চলাই আছে । হাতীৰ জাকটো পৰা ফালৰি কাটি ৪ টা হাতী জাজিমুখ চাপৰি আৰু বগৰীয়নী চাপৰি ফৰেষ্ট ৰিজাৰ্ভৰ মাজত আছে বুলি স্থানীয় লোকে সদৰি কৰিছে । বন্য হস্তীৰ উপদ্ৰৱৰ পৰা চৰ-চাপৰিবাসীক নিৰাপত্তা দিয়াৰ বাবে পৰ্যাপ্ত বনকৰ্মী নথকাত ব্যৰ্থ হৈছে বন বিভাগ । যাৰ ফলত বন্যহস্তীয়ে খাদ্যৰ সন্ধানত জনাঞ্চললৈ আহি ঘৰ দুৱাৰ ভাঙি ত্ৰাস চলাইছে বুলি ক্ষোভ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে ।

ABOUT THE AUTHOR

...view details