অসম

assam

দলীয় চিহ্নই বিপদত পেলাব নেকি ৰূপজ্যোতি কুৰ্মীক ?

By

Published : Oct 30, 2021, 7:38 PM IST

মৰিয়নী সমষ্টি(Mariani Constituency)ত মুঠ 61.62 শতাংশ ভোটদান সম্পন্ন ৷ ছমাহ পূৰ্বে হোৱা নিৰ্বাচনত সমষ্টিটোত ভোটদানৰ মাত্ৰা আছিল 75 শতাংশ ৷ এইবাৰ ভোটদান প্ৰক্ষেপৰ মাত্ৰা কমিছে 14 শতাংশ ৷ চৰকাৰী পক্ষই ভোটাৰ ৰাইজক দিয়া প্ৰতিশ্ৰুতিৰ বন্যাই নৱ প্ৰজন্মৰ ভোটাৰক আকৃষ্ট কৰিব নোৱাৰিলে বুলি ভোটদানৰ অন্তত মত প্ৰকাশ কৰিছে সচেতন মহলে ৷ প্ৰাৰ্থী এজনেই, কিন্তু দলীয় চিহ্ন বেলেগ হোৱাৰ বাবে মৰিয়নীত কংগ্ৰেছ লাভান্বিত হোৱাৰ সম্ভাৱনা আছে ৷ অত্যাধুনিক মূল্যবৃদ্ধি(Price Hike) তথা উপ-নিৰ্বাচন(Bypolls)ত হোৱা লক্ষাধিক ধনৰ ব্যয়ক লৈ অসন্তুষ্ট সচেতন ভোটাৰসকল ৷

ABOUT THE AUTHOR

...view details