অসম

assam

ETV Bharat / videos

ক্ৰমাৎ বিকল হোৱাৰ দিশে মৰাণৰ এটা পানী যোগান আঁচনি

By

Published : May 8, 2021, 10:10 AM IST

জনস্বাস্থ্য কাৰিকৰী বিভাগৰ গুৰুত্বহীনতাৰ বাবেই ডিব্ৰুগড়ৰ খোৱাং অঞ্চলৰ প্ৰায় সকলো পানী যোগান আঁচনি বৰ্তমান বিকল হৈ পৰাৰ অভিযোগ উত্থাপন হৈছে । যাৰ ফলত এতিয়া ৰাইজৰ মাজত বিশুদ্ধ খোৱাপানীৰ বাবে হাহাকাৰময় পৰিৱেশৰ সৃষ্টি হৈছে । অভিযোগ অনুসৰি, জনস্বাস্থ্য কাৰিকৰী বিভাগে চৰকাৰী ধন খৰচ কৰি ঠায়ে ঠায়ে পানী যোগান আঁচনিৰ প্ৰকল্প নিৰ্মাণ কৰিছে যদিও সেই আঁচনিৰ পৰা ৰাইজে খোৱা পানী লাভ কৰিবলৈ সক্ষম হোৱা নাই । জনস্বাস্থ্য কাৰিকৰী বিভাগে খোৱাঙৰ দামৰিখাতিত বহু বছৰ নিৰ্মাণ কাৰ্য চলোৱাৰ পাছত বিগত বৰ্ষত চেতিয়া গাঁও পানী যোগান আঁচনি প্ৰকল্প শুভাৰম্ভ কৰিছিল ৷ কিন্তু শুভাৰম্ভৰ এটা বছৰ পাৰ হোৱাৰ পাছতো ৰাইজে নাপালে বিশুদ্ধ খোৱাপানী । বিগত বৰ্ষত মৰাণৰ বিধায়ক চক্ৰধৰ গগৈয়ে উদ্বোধন কৰা পানী যোগান আঁচনি প্ৰকল্পটোৰ গেটত এতিয়া ওলমিছে তলা । আধুনিক পদ্ধতিৰে প্ৰকল্পটো নিৰ্মাণ কৰা হৈছিল যদিও ৰাইজে প্ৰকল্পটোৰ পৰা পানী নোপোৱাত এতিয়া ক্ষোভ প্ৰকাশ কৰিছে । এতিয়া স্থানীয় ৰাইজে বিভাগীয় কৰ্তৃপক্ষৰ লগতে আহিবলগীয়া নতুন চৰকাৰক বিশুদ্ধ পানী যোগান ধৰাৰ স্বাৰ্থত পানী যোগান আঁচনি প্ৰকল্পটো কাৰ্যক্ষম কৰি তোলাৰ বাবে দাবী জনাইছে ।

ABOUT THE AUTHOR

...view details