বিশ্ব হিন্দু মহাসংঘ আৰু হিন্দু যুৱ ছাত্র পৰিষদৰ ধন্যবাদ যাত্ৰা
বিশ্ব হিন্দু মহাসংঘ আৰু হিন্দু যুৱ ছাত্ৰ পৰিষদৰ নলবাৰী জিলা সমিতিৰ যৌথ উদ্যোগত মঙলবাৰে সন্ধিয়া নলবাৰী চহৰত এক 'ধন্যবাদ যাত্ৰা' উলিওৱা হয় । অসম চৰকাৰে চলোৱা বেদখল উচ্ছেদ অভিযানক আদৰণি জনাই এই ধন্যবাদ যাত্ৰা উলিয়ায় সংগঠন দুটাই । উক্ত প্ৰতিবাদী কাৰ্যসূচীত প্ৰায় দুই শতাধিক লোকে অংশগ্ৰহণ কৰে ৷ সমদলকাৰীসকলে অসম আৰক্ষী জিন্দাবাদ, অসম চৰকাৰ জিন্দাবাদ আদি শ্ল’গানেৰে ৰাজপথ উত্তাল কৰি তোলে । তেওঁলোকে লগতে অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে এনে অভিযান অব্যাহত ৰাখিবলৈ চৰকাৰক দাবী জনায় ৷