অসম

assam

ETV Bharat / videos

যোৰহাটত নিৰ্বাচনী বিধি উলংঘা - যোৰহাট চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী বালিকা বিদ্যালয়

By

Published : May 2, 2021, 7:51 PM IST

নিৰ্বাচনী আয়োগে ভোট গণনাৰ পাছত কোনো প্ৰাৰ্থীৰ সমৰ্থকে কোনোধৰণৰ বিজয় উল্লাসৰ অংশস্বৰূপে হুলস্থুল, জনবহুল বা ৰেলী কৰিব নোৱাৰিব বুলি জাননী জাৰি কৰিছিল যদিও যোৰহাট চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী বালিকা বিদ্যালয়ত ভোট গণনা কেন্দ্ৰৰ সমীপত একাংশ উগ্ৰ সমৰ্থকে এই নিৰ্বাচনী বিধি উলংঘা কৰে ৷ সমৰ্থকৰ দলটোৱে নিজা প্ৰাৰ্থী জয় হোৱাৰ পাছত পথতে জয়ধ্বনি দি বাইক ৰেলী কৰিবলৈ যা-যোগাৰ চলাওতেই আৰক্ষীয়ে উক্ত সমৰ্থকসকলক কৰায়ত্ব কৰি নিজা জিম্মাত লোৱাৰ লগতে সকলোকে অনতি পলমে উক্ত স্থান ত্যাগ কৰিবলৈ আহ্বান জনায় । এই ক্ষেত্ৰত অৱশ্যে প্ৰথম অৱস্থাত এক হুলস্থুল পৰিবেশৰ সৃষ্টি হয় যদিও আৰক্ষীয়ে কম সময়ৰ ভিতৰতে সকলো নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় ।

ABOUT THE AUTHOR

...view details