মৰাণৰ দৈনিক বজাৰৰ পাচলি দোকানত গ্ৰাহকৰ মাজত নাই সামাজিক দূৰত্ব - covid protocol violation in moran vegetable market
ৰাজ্যৰ চৌদিশে ক'ভিডৰ ভয়াৱহ পৰিস্থিতি । এনে পৰিস্থিতিৰ বাবে ৰাজ্য চৰকাৰে কেতবোৰ নীতি-নিৰ্দেশনা জাৰি কৰাৰ লগতে দিনৰ ১১ বজাত সকলো ব্যৱসায় প্ৰতিষ্ঠান বন্ধ কৰা আৰু দিনৰ ১২ বজাৰ পৰা সান্ধ্য আইন কাৰ্যকৰী কৰাৰ লগতে আন্তঃজিলা যাতায়তো বন্ধ কৰি ৰাখিছে । এনে পৰিপ্ৰেক্ষিতত সাধাৰণ ৰাইজে দোকান খোলাৰ সময়ত প্ৰয়োজনীয় সামগ্ৰী ক্ৰয়ৰ বাবে উলাই আহে । এইক্ষেত্ৰত দোকান তথা ব্যৱসায়িক প্ৰতিষ্ঠানসমূহে গ্ৰাহকৰ ক্ষেত্ৰত ক'ভিড প্ৰট'কলৰ নীতি-নিৰ্দেশনা পালন কৰিব লাগে । কিন্তু, মৰাণৰ দৈনিক বজাৰৰ পাচলি দোকানত গ্ৰাহকৰ মাজত কোনো ধৰণৰ সামাজিক দূৰত্ব মানি চলা পৰিলক্ষিত হোৱা নাই ৷ প্ৰতিদিনেই মৰাণৰ দৈনিক বজাৰৰ পাচলি দোকানত গ্ৰাহকে ভিৰ কৰা পৰিলক্ষিত হয় । উল্লেখ্য যে, গ্ৰাহকৰ বাবে দোকানীসকলে এক মিটাৰ দূৰত্বত চিন দিব লাগে লগতে হাত ধুৱা পানী আৰু চেনিটাইজাৰৰ ব্যৱস্থা কৰিব লাগে । কিন্তু, ইয়াৰ এটাও ক'ভিড প্ৰট'কল কাৰ্যকৰী হোৱা নাই মৰাণৰ দৈনিক বজাৰৰ পাচলি দোকানত ৷ ফলত গ্ৰাহকৰ ভিৰে ক'ভিড সংক্ৰমণত অৰিহণা যোগাইছে বুলি সচেতন লোকে মত ব্যক্ত কৰিছে ।