অসম

assam

By

Published : Jan 10, 2022, 12:30 PM IST

ETV Bharat / videos

Drug peddler arrested: প্ৰথমে গঞাই কৰায়ত্ব কৰি গছত বান্ধিলে ড্ৰাগছ ব্যৱসায়ীক

বৰপেটাৰোডৰ বালাভিটাত দেওবাৰে বিয়লি এটা ড্ৰাগছ সৰবৰাহকাৰীক কৰায়ত্ত কৰে ৰাইজে (Villagers catch a drug peddler in Barpeta ) ৷ কৰায়ত্ত কৰা ড্ৰাগছ সৰবৰাহকাৰীটোৰ নাম ৰাশিদুল ইছলাম ৷ ড্ৰাগছ ব্যৱসায়ীটোৰ ঘৰ শালমৰাত বুলি জানিব পৰা গৈছে ৷ দীৰ্ঘদিনৰে পৰা বালাভিটা অঞ্চলত বহু যুৱকক ড্ৰাগছ যোগান ধৰি অহাৰ কথা স্থানীয় ৰাইজে ব্যক্ত কৰিছে ৷ দেওবাৰে বালাভিটা অঞ্চলৰ সচেতন ৰাইজৰ লগত মিলি যুৱকৰ এটা দলে ড্ৰাগছ সৰবৰাহকাৰীটোক খেদি খেদি ধৰিবলৈ সক্ষম হয় (Mission against drugs in Barpeta) ৷ ইয়াৰ পিছতে ড্ৰাগছ সৰবৰাহকাৰীটোক কৰায়ত্ব কৰি গছত বান্ধি শাস্তি বিহিলে উপস্থিক স্থানীয় লোক সকলে ৷ ড্ৰাগছ ব্যৱসায়ীটোৰ পৰা ৰাইজে ড্ৰাগছ ভৰ্তি কেইবাটাও সৰু টেমা জব্দ কৰাৰ লগতে কিছু নগদ ধন, খালী কন্টেইনাৰ আৰু মোবাইল ফোন জব্দ কৰে ৷ পিছত ড্ৰাগছ সৰবৰাহকাৰীটোক আৰক্ষীৰ হাতত গতাই দিয়ে ৰাইজে (Drugs peddler caught at Balibhita) ৷ সম্প্ৰতি বৰপেটাৰোড আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহকাৰীটোক নিজৰ জিম্মালৈ নি জেৰা অব্যাহত ৰাখিছে ৷

ABOUT THE AUTHOR

...view details