অসম

assam

ETV Bharat / videos

শিৱসাগৰত নিৰ্দিষ্ট নীতি-নিয়মৰ মাজেৰে দেৱী প্ৰতিমা বিসৰ্জন - জৰুৰীকালীন সেৱা

By

Published : Oct 15, 2021, 6:05 PM IST

জনবিশ্বাস তথা হিন্দু ধৰ্মৰ শাস্ত্ৰৰ মতে,মহালয়াৰ দিনা মা দুর্গা পৃথিৱীলৈ নামি আহে আৰু বিজয়া দশমীৰ দিনা পৃথিৱীৰ পৰা বিদায় লয় । প্রতি বছৰে ষষ্ঠীৰ দিনা বিধি অনুসৰি বেদীত প্ৰতিষ্ঠা কৰা দেৱীৰ প্ৰতিমা বিজয়া দশমীৰ দিনা দুখ ভৰা নয়নেৰে ভক্তই বিসৰ্জন দিয়ে । ৰাজ্যৰ ভিন্ন প্ৰান্তত বিজয়া দশমীৰ ব্যাপক ব্যস্ততা দেখিবলৈ পোৱা গৈছে । দেৱী দুর্গাৰ প্ৰতিমা বিসৰ্জনৰ সময়ত শিৱসাগৰতো দেখা গৈছে ভক্তৰ সমাগম । শিৱসাগৰৰ ঐতিহাসিক দেৱী দৌলৰ ২৭৮ বছৰ পুৰণি পৰম্পৰাগত দুর্গা পূজাৰ লগতে সর্বমুঠ ২০ খন পূজাথলীৰ পূজা উদযাপন সমিতিয়ে সাজু হৈ উঠিছে দেৱী প্ৰতিমা বিসর্জনৰ বাবে । ইয়াৰে ১৭ খন পূজা কমিটিয়ে নগৰৰ কাষতে থকা দিখৌ নদীৰ থানামুখ ঘাটত বিসর্জন দিব আৰু তিনিখন পূজাৰ প্ৰতিমা দিখৌ দলঙৰ পৰা বিসর্জন দিয়া হ'ব বুলি জানিব পৰা গৈছে । বিসর্জনৰ সময়ত জিলা প্ৰশাসনৰ তৰফৰ পৰা সকলো ধৰণৰ নিৰাপত্তাৰ লগতে যাৱতীয় ব্যৱস্থা কৰা হৈছে । বিসৰ্জন ঘাটত সকলো জৰুৰীকালীন সেৱা সম্প্ৰতি সষ্টম হৈ থকা দেখা গৈছে ।

ABOUT THE AUTHOR

...view details