অসম

assam

ডিব্ৰুগড়ৰ ভিক্টোৰিয়া উচ্চ মাধ্যমিক বালিকা বিদ্যালয়ক কণ্টেইনমেণ্ট জ'ন‌ ঘোষণা

By

Published : Jan 11, 2022, 9:49 AM IST

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পিছত এইবাৰ জিলাখনৰে ভিক্টোৰিয়া উচ্চ মাধ্যমিক বালিকা বিদ্যালয়ত ক'ভিডৰ সংক্ৰমণ (Victoria HS Girls School declared as a Containment zone) । বিদ্যালয়খনৰ ৫ গৰাকী ছাত্ৰী, ৩ গৰাকী শিক্ষয়িত্ৰী আৰু এগৰাকী ৰান্ধনীৰ দেহত ধৰা পৰিছে ক'ভিড-19 ৰ অৱস্থিতি (9 members of Victoria HS school tested covid positive) । ইয়াৰ পিছতে ডিব্ৰুগড় জিলা প্ৰশাসনে বিদ্যালয়খন তাৎক্ষণিকভাৱে ছীল কৰাৰ নিৰ্দেশ জাৰি কৰাৰ লগতে কণ্টেইনমেণ্ট জ'ন হিচাপে ঘোষণা কৰে ৷ সদ্যহতে এসপ্তাহৰ বাবে বন্ধ ৰখা হৈছে বিদ্যালয়খন ৷ সোমবাৰৰ দিনটোত ডিব্ৰুগড়ত ১৪০ গৰাকী লোকৰ দেহত ধৰা পৰিছে ক'ভিড-19 ৰ অৱস্থিতি ৷ বৰ্তমানে ৩৫৪ গৰাকী ৰোগী চিকিৎসাধীন হৈ আছে অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত ৷

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details