নিমাতীঘাট পৰিদৰ্শন কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী আৰু চন্দ্ৰমোহন পাটোৱাৰীৰ - Union minister Rameshwar Teli
দেওবাৰে নিমাতীঘাটত উপস্থিত হয় কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী আৰু পৰিবহন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ৷ ঘাটত উপস্থিত হৈ কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে জনাই যে, অহা চাৰি বছৰৰ ভিতৰত নিমাতী-মাজুলি সংযোগী দলং সম্পূৰ্ণ হ'ব ৷ ইউ পিৰ এট কোম্পানীয়ে লাভ কৰিছে দলঙৰ ঠিকা ৷ অতি কম দিনৰ ভিতৰতে আৰম্ভ হ'ব দলং নিৰ্মাণৰ কাম ৷ "ইফালে মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা মতে, পোন প্ৰথম বাৰৰ বাবে নিমাতীঘাটত ফেৰীৰ অনলাইন টিকটৰ ব্যৱস্থা কৰা হ'ব ৷ থাকিব অফ লাইন টিকটৰ ব্যৱস্থাও ৷ নিমাতী আৰু মাজুলিলৈ আন দুখন জাহাজ দুদিন পাছতে আহিব ৷ উল্লেখ্য যে, পৰিবহন মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে নিমাতীঘাটৰ দুৰ্ঘটনাৰ পাছৰে পৰা প্ৰতিদিনে নিমাতীঘাট নিৰীক্ষণ কৰি আছে ৷