অসম

assam

By

Published : Feb 5, 2022, 9:53 PM IST

Updated : Feb 5, 2022, 10:41 PM IST

ETV Bharat / videos

Road accident in Tezpur: তেজপুৰত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত দুজন

তেজপুৰত সংঘটিত হৈছে এক শোকাৱহ পথ দুৰ্ঘটনা (Road accident in Tezpur) ৷ এই পথ ভয়ংকৰ দুৰ্ঘটনাত নিহত হয় দুজনকৈ লোক (Two man died in road accident) ৷ লগতে চাৰিজন লোক আহত হোৱাৰ লগতে মন্টু মেধি নামৰ লোকজন গুৰুতৰভাৱে আহত হয় ৷ পিছত চিকিৎসালয়লৈ অনাৰ পথত তেজপুৰৰ সামাজিক বনানিকৰণৰ সহকাৰী আঞ্চলিক বন বিষয়া হিচাপে কৰ্মৰত মন্টু মেধিৰ মৃত্যু হয় ৷ ঘটনা অনুসৰি, শনিবাৰে তেজপুৰ থানাৰ অন্তৰ্গত 37 নং (ক) ৰাষ্ট্ৰীয় ঘাইপথৰ ভোজখোৱাত গহপুৰৰ পৰা জাগীৰোড অভিমুখে গৈ থকা AS 12U 3397 নম্বৰৰ এখন অল্টো আৰু নগাঁৱৰ দিশৰ পৰা তেজপুৰৰ দিশে আহি থকা AS 02H 041 নম্বৰৰ ৱেগনাৰৰ মাজত মুখামুখি সংঘৰ্ষ হয় । ইফালে আহত লোককেইজনক প্ৰথমে প্ৰাথমিক চিকিৎসাৰ বাবে তেজপুৰ কনকলতা অসামৰিক চিকিৎসালয় (Kanaklata Civil Hospital) ত ভৰ্তি কৰা হয় যদিও উন্নয়ত চিকিৎসাৰ বাবে পিছত আটাইকেইজনকে তেজপুৰ চিকিৎসা মহাবিদ্যালয় হস্পাতাললৈ প্ৰেৰণ কৰা হয় ৷ আহত লোককেইজন ক্ৰমে, কলাবাৰীৰ মনোজ বৰা, মুকুল মহন্ত, হেমন্ত দাস আৰু পুতাই বৰদলৈ বুলি চিনাক্ত কৰাৰ লগতে আনজনক দেৱেশ্বৰ বৰা বুলি চিনাক্ত কৰা হৈছে ।
Last Updated : Feb 5, 2022, 10:41 PM IST

ABOUT THE AUTHOR

...view details