তিতাবৰত কংগ্ৰেছ আৰু এজেপিৰ দুই প্ৰাৰ্থীৰ ভোটদান - অসম জাতীয় পৰিষদৰ শৈলেন্দ্ৰ হাজৰিকা
বহু প্ৰতীক্ষাৰ অন্তত আজি পুৱাৰে পৰা অনুষ্ঠিত হৈছে পঞ্চদশ অসম বিধান সভা নিৰ্বাচনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া ৷ সমগ্ৰ ৰাজ্যখনৰ লগতে তিতাবৰ বিধানসভা সমষ্টিতো পুৱাৰে পৰা জনসাধাৰণে মুক্ত মনেৰে ভোট দিবলৈ ওলাই আহিছে ৷ তিতাবৰ তাঁতিগাঁৱৰ 52 নং ভোটগ্ৰহণ কেন্দ্ৰতো আজি পুৱাই তিতাবৰৰ দুগৰাকী প্ৰাৰ্থীয়ে ভোটদান সাব্যস্ত কৰে ৷ ভাৰতীয় জাতীয় কংগ্ৰেছৰ ভাস্কৰজ্যোতি বৰুৱা আৰু অসম জাতীয় পৰিষদৰ শৈলেন্দ্ৰ হাজৰিকাই নিজৰ ভোটদান সাব্যস্ত কৰে ৷