অসম

assam

হোজাইত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাক শ্ৰদ্ধাঞ্জলি

By

Published : Jun 20, 2021, 3:38 PM IST

আজি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ ৫২ সংখ্যক স্মৃতি দিৱস । ১৯৬৯ চনৰ ২০ জুনত অসমৰ কলা-সংস্কৃতিৰ মহীৰূহ, সৈনিক শিল্পী, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ মৃত্যু হৈছিল ৷ সেয়েহে সমগ্ৰ অসমজুৰি শিল্পীজনাক সুঁৱৰি শ্ৰদ্ধাঞ্জলি জনাই বহুতো দল-সংগঠনে ৷ কৰ’ণাসৃষ্ট পৰিৱেশৰ বাবে পূৰ্বৰ উচাহ-উদ্দীপনা নাই যদিও ৰাজ্যৰ বিভিন্ন স্থানত অনুষ্টুপীয়াকৈ হ'লেও আয়োজন কৰিছে কলাগুৰুৰ স্মৰণ অনুষ্ঠান ৷ সমগ্ৰ অসমবাসীৰ লগতে হোজাই জিলাতো অনুষ্টুপীয়াকৈ পালন কৰা হয় ৰাভা দিৱস ৷ জিলাখনৰ অন্য প্ৰান্তৰ লগতে লংকা সাংবাদিক সন্থাৰ উদ্যোগত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাক শ্ৰদ্ধাঞ্জলি জনোৱাৰ উদ্দেশ্যৰে স্মৰণ অনুষ্ঠানৰ আয়োজন কৰা হয় ৷

ABOUT THE AUTHOR

...view details