Na Laguwa Utsav in Sivsagar : লগে-ভাগে এসাঁজ খালে বানমুখৰ ৰাইজে - বানমুখত দেওবাৰে উদযাপন কৰা হ’ল ন লগোৱা উৎসৱ
এয়া আঘোণ মাহ। পথাৰত সোণগুটি চপোৱাৰ সময়। লহপহকৈ বাঢ়ি সোণালী হোৱা পথাৰখনক লৈ ব্যস্ততাৰ সীমা নাই কৃষক ৰাইজৰ মাজত(Peddy hervesting season in Assam) । সোণোৱালী পথাৰত এতিয়া কেৱল ধানৰ কেচ্ কেচ্ শব্দ ৷ হাতত কাঁচি লৈ সোণগুটি চপোৱাত ব্যস্ত দাৱনীসকল । আনপিনে দাৱনীৰ সমানে সোণগুটিৰ ডাঙৰি বান্ধি ঘৰলৈ অনাত ব্যস্ত কৃষকসকল ৷ হেঁপাহৰ পথাৰ খনৰ আমোলমোল গোন্ধত যেন ভাগৰ হেৰাইছে কৃষকৰ ৷ এই আঘোণ মাহতেই অসমীয়া সমাজ জীৱনত ন-খোৱা উৎসৱ পালন কৰে কৃষক সমাজে । শিৱসাগৰৰ বানমুখৰ ৰাইজেও প্ৰতি বছৰৰ দৰে দেওবাৰেও পালন কৰিলে ন-লগোৱা উৎসৱ (Traditionally Na Laguwa Utsav Celebrate at Sivasagar) । এই ন-লগোৱা উৎসৱৰ আছে এক ঐতিহ্য । দেওবাৰে বানমুখৰ কাথপৰাৰ ঐতিহাসিক শ্ৰী শ্ৰী নিত্যানন্দদেৱ থানত পৰম্পৰাগত ৰীতি-নীতিৰে উদযাপন কৰা হয় এই ন-লগোৱা উৎসৱ ৷ অঞ্চলটোৰ বৈষ্ণৱসকলে গায়ন-বায়নেৰে সমদল উলিয়াই শুভাৰম্ভ কৰে এই পৰম্পৰাগত ন-লগোৱা উৎসৱ ৷ প্ৰভু শ্ৰী শ্ৰী অনিৰুদ্ধ দেৱৰ দ্বাৰা ৰচিত আসোৱাৰী ৰাগ আৰু নাম-প্ৰসংগৰ ধ্বনিৰে মুখাৰিত হৈ পৰে অঞ্চলটোৰ পৰিৱেশ ৷ প্ৰসাদৰ শৰাই, ন-চাউলৰ পিঠা-পনা আদিৰে আপ্যায়ন কৰা হয় উপস্থিত সকলোকে ৷ উল্লেখ্য যে মটক জনগোষ্ঠীৰ ৰাইজে শ শ বছৰ ধৰি পালন কৰি আহিছে এই ন-লগোৱা উৎসৱ ৷ আঘোণৰ সোণোৱালী পথাৰত ন-ধান চপোৱাৰ সময়তে উদযাপন কৰা হয় এই উৎসৱ । লগতে পৰাম্পৰাগত ন -লগোৱা উৎসৱে কৃষিজীৱী ৰাইজৰ মাজত শান্তি, সম্প্ৰীতিৰ এনাজৰী সুদৃঢ় কৰি তোলে ।
TAGGED:
কাথপৰাত ন লগোৱা উৎসৱ উদযাপন