ডিব্ৰুগড়ত পৰম্পৰাগত পানীতোলা সবাহ - মাধৱদেৱ
১৯৩৫ চনতেই স্থাপন হোৱা লাহোৱালৰ পিৰাফলা গাঁৱৰ বৰ নামঘৰত উলহ-মালহেৰে উদযাপন কৰা হয় লখিমী সবাহ অৰ্থাৎ পানীতোলা সবাহ । এই ধৰ্মীয় অনুষ্ঠানত অঞ্চলটোৰ শ শ ভক্তপ্ৰাণ ৰাইজে অংশগ্ৰহণ কৰা পৰিলক্ষিত হয় । তাৎপৰ্যপূৰ্ণ যে এই পূজাৰ জৰিয়তে পথাৰত ধানৰ থোক ওলোৱাৰ সময়ত কৃষক ৰাইজৰ সোণোৱালী পথাৰত যাতে ধান উপচি পৰে, পোক-পৰুৱাই অনিষ্ট নকৰাৰ লগতে গাঁওখনৰ অপায়-অমংগল দূৰ হয় তাৰ বাবে প্ৰাৰ্থনা কৰা হয় । এই ধৰ্মীয় কাৰ্যসূচীৰ মাজতে গায়ন-বায়নক লগত লৈ ঘাটত পানী তোলা হয় । যি বাটেৰে যোৱা হয়, সেই বাটেৰে পদুলিয়ে পদুলিয়ে ৰাইজে শৰাই দি সেৱা লোৱাৰ পৰম্পৰা আজিও আছে সেই অঞ্চলটোত । উল্লেখ্য যে প্ৰতিষ্ঠা হোৱাৰ দিনৰে পৰা এই বৰ নামঘৰত শংকৰদেৱ, মাধৱদেৱৰ তিথিকে ধৰি বিভিন্ন ধৰ্মীয় অনুষ্ঠান আয়োজন কৰি অঞ্চলটোত এক ধৰ্মীয় পৰিৱেশ সৃষ্টিৰ চেষ্টা অব্যাহত ৰাখিছে গাঁওবাসী লগতে আয়োজকসকলে ।