তিনিচুকীয়াত চলন্ত অৱস্থাত অগ্নিদগ্ধ বাহন - তিনিচুকীয়াত গাঁৱত চলন্ত অৱস্থাতে অগ্নিদগ্ধ হ’ল বাহন
তিনিচুকীয়াৰ পানীতোলা মাটিয়াখানা গাঁৱৰ ৰাজপথত দপদপাই জ্বলি উঠিল এখন চলন্ত বাহন ৷ চলন্ত অৱস্থাতে হঠাৎ জুইৰ লেলিহান শিখাই আগুৰি ধৰে বাহনখনক ৷ তথ্য অনুসৰি বাহনখনত চোৰাং কণ্ডেনচেট কঢ়িয়াই অনা হৈছিল ৷ অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাৰ লগে লগে চালকৰ লগতে আৰোহীয়ে কথমপি প্ৰাণ ৰক্ষা কৰি ঘটনাস্থলীৰ পৰা পলায়ন কৰে ৷