বৰাকত অসমীয়া ভাষাক অপমান কৰাক লৈ প্ৰতিক্ৰিয়া তিনিচুকীয়াত আটাছুৰ
বৰাক উপত্যকাত অসম চৰকাৰৰ প্ৰচাৰ বিভাগে অসমীয়া ভাষাত লিখা নাম ফলক আৰু বেনাৰ-পোষ্টাৰত এটা তথাকথিত সংগঠনে কলা ৰং সানি বাংলা ভাষা লিখিবলৈ দাবী জনোৱাৰ পাছতে এতিয়া জাঙুৰ খাই উঠিছে অসমৰ দল সংগঠন । তথাকথিত সংগঠন এটাৰ মুৰব্বী কেইজনমানে অসমীয়া ভাষা বৰাক উপত্যকাত চলিবলৈ দিয়া নহ'ব বুলি কৰা মন্তব্যক তীব্ৰ ভাষাৰে গৰিহনা দিছে সদৌ টাই আহোম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় যুটীয়া সম্পাদক মিলন বুঢ়াগোহাঁয়ে ৷