অসম

assam

By

Published : Aug 14, 2021, 9:48 PM IST

ETV Bharat / videos

স্বাধীনতা দিৱস: টিংখাঙত পাকঘৰ এৰি গাঁওৰক্ষাত নামিল এদল মহিলা

স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত টিংখাঙত হাতে হাতে লাঠি লৈ নিশা ৰাজপথত এদল মহিলা ৷ টিংখাঙত আইন শৃংখলা ৰক্ষা কৰাৰ গুৰু দায়িত্ব কান্ধ পাতি লৈছে এইসকল মহিলাই ৷ স্বাধীনতা দিৱসৰ প্ৰাক মুহূৰ্তত অঞ্চলটোত যাতে কোনোধৰণৰ কূটাঘাটমূলক ঘটনা সংঘটিত নহয় তাৰবাবে এতিয়া পাকঘৰ এৰি ৰাজপথত পহৰা দিয়াত ব্যস্ত তেওঁলোক ৷ হাতে হাতে টৰ্চ, লাঠি-জোং লৈ সদাসস্তম টিংখাঙৰ বামুনবাৰী মহিলা গাঁওৰক্ষী বাহিনীৰ ২০-২৫ জনীয়া দলটোৱে পুৰুষৰ সমান্তৰালকৈ পহৰা দিছে নিজৰ গাঁওখন । আনকি গাঁওখনলৈ প্ৰৱেশ কৰা প্ৰতিখন দুচকীয়া-চাৰিচকীয়া বাহন নিজেই তন্ন-তন্নকৈ তালাচী কৰিছে মহিলাৰ দলটোৱে। আনহাতে ক’ভিড বিধি তথা সান্ধ্য আইন উলংঘা কৰি ঘূৰি ফুৰা লোকসকলকো ভালকৈ এশিকনি দিবলৈ সক্ষম হৈছে মহিলা গাঁওৰক্ষী বাহিনীৰ দলটোৱে ।

ABOUT THE AUTHOR

...view details