অসম

assam

টিংখাঙত সোণোৱাল কছাৰীৰ হাইদাং হুঁচৰি পৰিৱেশন

By

Published : Apr 20, 2021, 5:29 PM IST

টিংখাঙৰ সোণোৱাল কছাৰী বসতি প্ৰধান অঞ্চলসমূহত পৰিলক্ষিত হৈছে বিহুৰ উচাহ ৷ শলগুৰি গাঁৱত পহিলা ব'হাগৰ দিনটোৰ পৰাই ঘৰে ঘৰে গৈ ৰাইজে গাইছে হাইদাং হুঁচৰি ৷ সোণোৱাল কছাৰীসকলৰ অতীজৰে পৰা চলি অহা পৰম্পৰা অনুসৰি এই হাইদাং হুঁচৰি গাই স্থানীয় লোকসকলে ৷ এডাল বাঁহৰ টকা গৃহস্থৰ চোতালত স্থাপন কৰি মাৰিৰে বজাই বজাই বিহু হুঁচৰি জোৰে সোণোৱাল কছাৰীসকলে ৷ সুকীয়া বৈশিষ্ট্য সম্পন্ন এই হুঁচৰিৰ গীতসমূহ জনগোষ্ঠীয় লোকগীতৰ ওপৰত আধাৰিত ৷ শলগুৰি গাঁৱৰ ৰাইজে অতীজৰ পৰম্পৰা ৰক্ষা কৰি আজিও ঘৰে ঘৰে হুঁচৰি গায় ৷ এনেদৰেই এতিয়া ডেকা-বুঢ়া সকলোৱে বিহুৰ আনন্দত হৈ পৰিছে মতলীয়া ৷

ABOUT THE AUTHOR

...view details