অসম

assam

হাইস্কুল শিক্ষান্ত পৰীক্ষাত শিৱসাগৰত উৰ্ত্তীণৰ হাৰ 97.77 শতাংশ

By

Published : Jul 31, 2021, 4:50 PM IST

বহু বিতৰ্ক তথা জল্পনা-কল্পনাৰ অন্তত শুকুৰবাৰে ঘোষণা কৰা হয় হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ৷ ফলাফল অনুসৰি শিৱসাগৰ জিলাত উৰ্ত্তীণ হাৰ 97.77 শতাংশ ৷ জিলাখনত এইবাৰ মেট্ৰিকত বাবে মুঠ পৰীক্ষাৰ্থী আছিল 8838 গৰাকী ৷ ইয়াৰ ভিতৰত উৰ্ত্তীণ হয় মুঠ 8641 গৰাকী ছাত্ৰ ছাত্ৰী ৷ ইয়াৰ ভিতৰত 3188 গৰাকীয়ে প্ৰথম বিভাগত, 3114 গৰাকী দ্বিতীয় বিভাগত আৰু 2339 গৰাকী তৃতীয় বিভাগত উত্তীৰ্ণ হয় ৷ উল্লেখযোগ্য যে, বিগত বৰ্ষত শিৱসাগৰ জিলাত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হাৰ অসমৰ ভিতৰতে সৰ্বাধিক আছিল যদিও এইবাৰ চতুৰ্থ স্থানলৈ অৱনমিত হয় ৷ ইপিনে এইবাৰ অসম হাই মাদ্ৰাছাৰ পৰীক্ষাত শিৱসাগৰ জিলাৰ পৰা অৱৰ্তীণ হৈছিল মুঠ 46 গৰাকী ছাত্ৰ ছাত্ৰী ৷ ইয়াৰ ভিতৰত উৰ্ত্তীণ হাৰ 97.83 শতাংশ ৷

ABOUT THE AUTHOR

...view details