পথৰুঘাটৰ ৰণে ৰিঙিয়াই...
পাহৰণিৰ গৰ্ভত কৃষকৰ চৰম ত্যাগ আৰু আত্মবলিদানৰ এক জ্বলন্ত উদাহৰণ পথৰুঘাট ৷ ১৮৯৪ চনৰ ২৮ জানুৱাৰী ৷ খাজনা বৃদ্ধিৰ প্ৰতিবাদত দৰং জিলাৰ ছিপাঝাৰ অঞ্চলৰ পথৰুঘাটত মিলিত হয় অসমৰ বহু দূৰ-দূৰণিৰ গাঁৱলীয়া কৃষক ৰাইজ ৷ পৰৱৰ্তী সময়ত হিন্দু-মুছলমান সমন্বিতে উপস্থিত কৃষক ৰাইজে একলগ হৈ ৰাইজমেল পাতি অন্যায়ভাৱে খেতিয়কৰ নাঙলে প্ৰতি লগোৱা খাজনা কেতিয়াও ব্ৰিটিছক নিদিয়ে বুলি সিদ্ধান্ত গ্ৰহণ কৰে ৷ ইয়াৰোপৰি ৰাইজে জিলাধিপতি এণ্ডাৰশ্যন আৰু মহকুমাধিপতি বেৰিংটনৰ ওচৰত খাজনা বৃদ্ধিৰ প্ৰতিবাদ জনায় ৷ বেৰিংটনৰ নিৰ্দেশত বৃটিছৰ বহতীয়া আৰক্ষী বাহিনীয়ে জনতাক ছত্ৰভংগ দিয়াবলৈ কৰে লাঠীচালনা ৷ এনেতে ৰাইজৰ মাজত উত্তেজনা বৃদ্ধি পোৱাত বৃটিছৰ অনুচৰ আৰক্ষী বাহিনীয়ে জনতাৰ ওপৰত নিৰ্বিচাৰে কৰে গুলীবর্ষণ ৷ উত্তেজিত ৰাইজেও বন্দুকৰ গুলীৰ বিপৰীতে পথাৰৰ দলিচপৰা, কুঁহিয়াৰ, খৰি আদিৰে প্ৰত্যুত্তৰ দিবলৈ চেষ্টা কৰে ৷ আৰক্ষীৰ গুলীত ১৪০ জন কৃষকে প্ৰাণ দিয়াৰ লগতে চিৰদিনলৈ পংগু হয় বহুজন ৷ ব্ৰিটিছৰ শোষণ-বঞ্চনাৰ প্ৰতিবাদ কৰিবলৈ গৈ পথৰুঘাটত সেইদিনা ১৪০ জন নিৰীহ কৃষক শ্বহীদ হ’ল ৷ তাৰপিছতো কিন্তু চৰকাৰৰ টোকাবহীত নাম খোদিত নহ'ল পথৰুঘাটৰ ৰণৰ ৷