জুলাইৰ ভিতৰত মুকলি হ'ব আমিনগাঁৱৰ জৈৱ প্ৰযুক্তি বিদ্যা কেন্দ্ৰ - corona virus
জুলাইৰ ভিতৰত মুকলি হ'ব আমিনগাঁৱৰ জৈৱ প্ৰযুক্তি বিদ্যা কেন্দ্ৰ । ৬৪ বিঘা ভূমিক সামৰি থকা উত্তৰ-পূৱৰ প্ৰথমখন বায়’টেক পাৰ্কত গৱেষণাৰৰ এক নতুন দিগন্তৰ সূচনা হ'ব ৷ এই মন্তব্য ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী মন্ত্ৰী কেশৱ মহন্তৰ । IIT Guwahati ৰ ঠেক পৰিসৰত থকা বায়’টেক পাৰ্ক আমিনগাঁৱৰ স্থায়ী ভৱনলৈ স্থানান্তৰিত হোৱাৰ পাছত গৱেষক সকলৰ যথেষ্ট সুবিধা হ'ব বুলি আশা প্ৰকাশ বিজ্ঞান প্ৰযুক্তি বিদ্যা আৰু স্বাস্থ্যমন্ত্ৰী গৰাকীৰ । তদুপৰি গোলাঘাট, শোনিতপুৰ, ডিব্ৰুগড়, তিনিচুকীয়া, বিশ্বনাথ, নগাঁও আৰু কাছাৰকে ধৰি ভালেকেইখন জিলাত কৰ’ণাকলৈ কঠোৰ ব্যৱস্থা গ্ৰহণৰ ইংগিতো প্ৰদান কৰে স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে । আনহাতে আন্তঃজিলা যাতায়তৰ ক্ষেত্ৰত পূৰ্বৰ নিৰ্দেশনা বাহাল ৰখাৰ ইংগিত মন্ত্ৰী কেশৱ মহন্তৰ ।