অসম

assam

ETV Bharat / videos

গণ সংক্ৰমণৰ দিশে গোলাঘাট জিলা - গণ সংক্ৰমণ হোৱাৰ আশংকা

By

Published : Jul 4, 2020, 5:55 PM IST

গোলাঘাট আগবাঢ়িছে ভয়াৱহ পৰিস্থিতিৰ দিশে। গণ সংক্ৰমণ হোৱাৰ আশংকাই আতংকিত কৰিছে সকলোকে । উপায়ুক্ত কাৰ্যালয়ৰ লগতে কেইবাটাও গুৰুত্বপূৰ্ণ বিভাগৰ কাৰ্যালয় কন্টেইনমেন্ট জ'ন হিচাপে ঘোষণা ৷ গোলাঘাট লাইফ লাইন চিকিৎসালয়ৰ মেনেজাৰ জয়ন্ত সিন্হাৰ সংস্পৰ্শলৈ অহা ২০ গৰাকী লোক COVID-19ত আক্ৰান্ত হোৱাৰ পিছতে গোলাঘাটত হাহাকাৰ পৰিস্থিতি । ২০ গৰাকী লোক পজিটিভ হোৱাৰ পিছতে গোলাঘাট উপায়ুক্ত কাৰ্যালয়, চক্ৰ বিষয়াৰ কাৰ্যালয়, বাৰ এছ'চিয়েছন, স্কুল উপ পৰিদৰ্শক কাৰ্যালয়ৰ সৈতে উপায়ুক্ত কাৰ্যালয় সমীপৰ ৫০ মিটাৰ ব্যাসাৰ্ধৰ ভিতৰৰ অঞ্চল সমূহ কণ্টেইনমেন্ট জ'ন ঘোষণা গোলাঘাট প্ৰশাসনৰ । আক্রান্ত ২০ জনৰ ভিতৰত গোলাঘাট বাৰ এছ'চিয়েছনৰ অধিবক্তা, উপায়ুক্ত কাৰ্যালয় সমীপৰ বাসিন্দা হোৱাৰ বাবে কাৰ্যালয় সমূহ কণ্টেইনমেন্ট জ'ন ঘোষণা কৰিলে প্ৰশাসনে । COVID-19ত আক্রান্ত অধিবক্তা গৰাকী গোলাঘাট উপায়ুক্ত কাৰ্যালয়, চক্ৰ বিষয়া কাৰ্যালয়ৰ কৰ্মচাৰীৰ সংস্পৰ্শলৈ অহাৰ সন্দেহ প্ৰশাসনৰ । পৰৱৰ্তী সময়ত প্ৰশাসনৰ নিৰ্দেশ নোহোৱা পৰ্যন্ত এই সমূহ কাৰ্যালয়ত কণ্টেইনমেন্ট জ'ন বাহাল থাকিব । অৱশ্যে খোলা থাকিব গোলাঘাট উপায়ুক্ত কাৰ্যালয়ৰ নজৰৎ, DDMA, মেজিষ্ট্ৰেচি এই তিনিটা শাখা ।

ABOUT THE AUTHOR

...view details