Tense Situation at Kalgachia: চুৰি কৰি মুৰ্গী খোৱাৰ বাবেই চিকিৎসাধীন পোন্ধৰজন - কলগাছিয়া মুৰ্গী চোৰ
কলগাছিয়া আৰক্ষী থানা তথা বালিকুৰি আৰক্ষী চকীৰ অন্তৰ্গত বালিকুৰি এন চি গাঁৱত সংঘটিত হয় ভয়ংকৰ মাৰপিটৰ ঘটনা (Tense Situation at Kalgachia) । এটা মুৰ্গী চুৰি কৰি নিয়াক লৈ সৃষ্টি হোৱা পুৰণা ঘৰুৱা বিবাদক কেন্দ্ৰ কৰি সোমবাৰে এটা পক্ষই আনটো পক্ষৰ ঘৰৰ চালত শিল দলিয়াই দিয়াক কেন্দ্ৰ কৰি বালিকুৰি এন চি গাঁৱৰ দুটা পৰিয়ালৰ মাজত সংঘটিত হয় তীব্ৰ মাৰপিটৰ ঘটনা । ওচৰা-ওচৰিকৈ বসবাস কৰি থকা এই দুটা পৰিয়ালৰ মাজত সংঘটিত হোৱা মাৰপিটত প্ৰথম পক্ষৰ আবু তালেৱ, ৰমেলা খাতুন, আব্দুল কৰিম, সহিদুল ইছলাম, কাদেৰ আলী, বেইলা খাতুন, আম্বিয় খাতুন, নূৰজাহান খাতুন, ফুল খাতুন, লিয়াকত আলী, মানিক আলী, ফুলবৰ আলী, আব্দুল আলিম আৰু বিল্লাল হুছেইনৰ লগতে দ্বিতীয় পক্ষৰ আব্দুল ৰচিদ, ৰৌচন আলী, হাজেৰা খাতুন, হালিমা খাতুন, ৰাহিদুল ইছলাম আৰু ছামচুল হককে ধৰি দুই পক্ষৰ মুঠ ১৫ জনকৈ লোক আহত হয় ৷ আনকহাতে দ্বিতীয় পক্ষৰ ছগৰাকী লোক গুৰুতৰ বাবে আহত । আহতসকলক কলগাছিয়াৰ বৰপেটা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে ৷