অসম

assam

By

Published : Jan 10, 2022, 12:30 PM IST

ETV Bharat / videos

Tense Situation at Afalamukh Ferry Ghat : অফলামুখ ফেৰিঘাটত উত্তপ্ত পৰিস্থিতি

সোমবাৰে নিচেই পুৱাতে উত্তপ্ত হৈ পৰে (Tense Situation at Afalamukh Ferry Ghat) মাজুলীৰ অফলামুখ পাৰঘাট ৷ পূৰ্বে অফলাইনযোগে থকা টিকটৰ ব্যৱস্থা ক্ৰুটিপূৰ্ণ হোৱাৰ বাবেই নতুনকৈ সংযোগ কৰা হৈছিল অনলাইন টিকটৰ ব্যৱস্থা ৷ পিছে ইমানৰ পিছতো কিন্তু ক্ৰুটিসমূহৰ শুধৰণি নহ’ল ৷ তথ্য অনুসৰি, বিগত 5 জানুৱাৰীত অনলাইনযোগে ফেৰীৰ টিকট কাটিছিল মাজুলীৰ অতুল শৰ্মা নামৰ এগৰাকী ব্যক্তিয়ে ৷ কিন্তু দলীয় কাৰ্যসূচীৰে মাজুলীত উপস্থিত হোৱা বিজেপিৰ মহিলা মৰ্চাৰ সভানেত্ৰী আঙুৰলতা ডেকা (BJP Mahila Marcha President Angoorlata Deka), আশা বৰদলৈকে ধৰি এটা দলক সময়মতে পাৰাপাৰ কৰাৰ স্বাৰ্থতে সাধাৰণ যাত্ৰীসকলে ঘণ্টাৰ পিছত ঘণ্টা ধৰি সময় অবাবত ব্যয় কৰিবলগীয়া হয় ৷ শাসকীয় দলৰ নেত্ৰীসকলক পাৰ কৰিবলৈয়ে 5 জানুৱাৰীত অনলাইন টিকট লোৱা ব্যক্তিসকলক নমাই দিয়া হয় ফেৰীৰ পৰা ৷ তদুপৰি সদায় 6 খনকৈ বাহনেৰে পুৱা 8 বজাত যাত্ৰা আৰম্ভ কৰা ৰপেক্স জাহাজ (Ropex Service at Majuli) সোমবাৰে পুৱা 10 খন বাহনৰে চলে পলমকৈ ৷ এই অভিযোগ উত্থাপন কৰি স্থানীয় ৰাইজে পৰিস্থিতি উত্তপ্ত কৰি তোলে ৷

ABOUT THE AUTHOR

...view details