ETV Bharat Assam

অসম

assam

ETV Bharat / videos

সাংসদ তপন কুমাৰ গগৈৰ নেতৃত্বত সোণাৰিৰ বৰপুখুৰীৰ পাৰত স্বচ্ছতা অভিযান - অসম চুক্তিৰ প্ৰতিটো দফা কাৰ্যকৰী কৰিবলৈ বিজেপি চৰকাৰ দায়বদ্ধ

🎬 Watch Now: Feature Video

video thumbnail
author img

By

Published : Oct 3, 2021, 8:01 PM IST

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ 71 তম জন্মদিৱস উপলক্ষে পালন কৰা "সেৱা আৰু সমৰ্পন" অভিযানৰ লগত সংগতি ৰাখি ভাৰতীয় জনতা পাৰ্টীৰ চৰাইদেউ জিলা সমিতিৰ উদ্যোগত দেওবাৰে সোণাৰি বৰপুখুৰীত স্বচ্ছতা অভিযান কাৰ্যসূচী গ্ৰহণ কৰা হয় ৷ এই কাৰ্যসূচীত যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ, বিধায়ক তৰংগ গগৈ, সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ, এপিজিচিএলৰ সঞ্চালক অনুপ সিং ৰাজপুৰোহিত, চৰাইদেউ জিলা বিজেপিৰ সভাপতি লক্ষ্মীনাথ তাছা আৰু মহিলা মৰ্চাৰ সভানেত্ৰী প্ৰণীতা পাংগিং উপস্থিত থাকে ৷ এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি সাংসদ তপন কুমাৰ গগৈয়ে সাংবাদিকৰ লগত হোৱা মত বিনিময়ৰ সময়ত অসম চুক্তিৰ প্ৰতিটো দফা কাৰ্যকৰী কৰিবলৈ বিজেপি চৰকাৰ দায়বদ্ধ বুলি মন্তব্য কৰে ৷ আনহাতে কংগ্ৰেছী বিধায়ক শ্বেৰমান আলিক গ্ৰেপ্তাৰ কৰা কাৰ্যক আদৰণি জনাই তপন গগৈয়ে ৷

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

author-img

...view details